Saturday, June 3, 2023

বুকু হম হম কৰে

Title : বুকু হম হম কৰে

Singer : ড০ ভুপেন হাজৰিকা

Movie : মণিৰাম দেৱান

Lyrics By : ড০ ভুপেন হাজৰিকা


The Lyrics :


বুকু হম হম কৰে মোৰ আই

কোনে নিদ্রা হৰে মোৰ আই

পুত্র হৈ মই কি মতে তৰোঁ

আই তোৰে হৈ মই মৰোঁ


বুকু হম হম কৰে মোৰ আই


দেশৰে চন্দ্রমা কাল এন্ধাৰে আৱৰে

অগণি কালিকা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সৰে


বুকু হম হম কৰে মোৰ আই


বজ্রসম দৃঢ় আই

চৌপাশৰে গড়

চৌপাশৰে গড় ভেদি কিঞ্চিত নাই পথ


যাচিম শান্তনা আই মুক্তি প্রভাতেৰে

পাতিম থাপনা

আইৰ শোনিত পিয়াহেৰে


বুকু হম হম কৰে মোৰ আই

কোনে নিদ্রা হৰে মোৰ আই

পুত্র হৈ মই কি মতে তৰোঁ

আই তোৰে হৈ মই মৰোঁ


বুকু হম হম কৰে মোৰ আই

No comments:

Post a Comment