Saturday, June 3, 2023

মায়া, মায়া মাথো মায়া

Title : মায়া, মায়া মাথো মায়া

Album : মায়া

Singer : জুবিন গাৰ্গ


The lyrics :


মায়া, মায়া মাথো মায়া

তুমি জানো সঁচা নে মৰমৰে মায়া

মায়া ভৰা দুচকু লৈ

হিয়া জুৰি আছোঁহি বৈ

দূৰণিৰ জোনাকী হৈ

ৰ'লা কিয় এ....

মায়া, মায়া মাথো মায়া

তুমি জানো সঁচা নে মৰমৰে মায়া


সাগৰৰ দৰে গভীৰ

তুমি অনা মৰমকে লৈ আছোঁ জীয়াই

দেহে মনে আছা যদি

বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই

নানিবা সেমেকা ৰাতি

নেলাগে মোক সোঁৱৰণী এ....

মায়া, মায়া মাথো মায়া

তুমি জানো সঁচা নে মৰমৰে মায়া


মায়াবিণী সেই ৰাতি

আহিছিলোঁ কাষলে তোমাৰ দুখ হবলে

হাঁহি হাঁহি সাৱতিলা

অশ্রু ভৰা অনুভূতিবোৰ মনত গোপনে

মৰমৰ মায়াবী তৃষা

দিবহি মাথো বেদনা এ....


মায়া, মায়া মাথো মায়া

তুমি জানো সঁচা নে মৰমৰে মায়া

মায়া ভৰা দুচকু লৈ

হিয়া জুৰি আছোঁহি বৈ

দূৰণিৰ জোনাকী হৈ

ৰ'লা কিয় এ....

মায়া, মায়া মাথো মায়া

তুমি জানো সঁচা নে মৰমৰে মায়া


মায়া, মায়া মাথো মায়া

মায়া, মায়া মাথো মায়া

No comments:

Post a Comment